আজিও সমস্যাৰে জৰজৰীত হৈ
আছে ৰাঙলীৰ এই পৃথিৱী। সমাধন বাৰু কাৰ ওচৰত। মাথো এৰি দিয়া আমাৰ মনোবৃত্তি আৰু
পৰনিৰ্ভশীলতা। আজি তুমি আৰু মই মাজত ঘৰ ভাঙোন আৰু ভাঙোন গাওঁ। মই বিচাৰি পোৱা
হেই সোৰোজ আজি নো কত। আজি কত সেই সময় যত বিছাৰি পাওঁ সেই শান্ত আৰু আনন্দৰে ভৰি
থকা সৰ্গ। গাওঁৱেই মোৰ বুকুৰ কোতোম তাতেই বিছাৰি পাওঁ কেৱল মোৰ সপোন আপোন
আৰু সেই আকাশৰ ডাৱৰ মাজত খেলা এক ৰঙীন আৰু মাদকতাৰ পৃথিৱী। কিমান যে সহজ-সৰল সেই
সমাজ, সেই লোক, সেই জীৱন তাক নো বাৰু এৰি চহৰলৈ যাওঁ কেনেকৈ। মই ভালপোৱা গাওঁ
আজি বিছাৰো। আজি মোৰ ওচৰত কিয় বাৰু তেনে প্ৰশ্ন। মই দেখিছু ঘৰ, ওচৰ-চুবুৰীয়া,
সমাজ-সংস্কৃতি আৰু গাওঁ কিদৰে পল পল কৰি ভাঙিছে। তাৰ ঠাইত লৈছে এক
অশান্তি-দৰিদ্ৰতাৰ, সিংহাৰ লংকাৰ স্বৰূপ। সেয়ে আজি লোক বিভ্ৰান্ত এক ৰংচঙীয়া
ছবিত। গাওঁ যদি হেৰাই যায় তেন্তে মইয়ো হেৰাই যাম। তাত আৰু না তুমি বিছাৰি পাবা না
মই নিজে বিছাৰি পাম। আজি গাওঁ হৈ পৰিছে পৰনিৰ্ভশীল। সময়ে কয় যেন ভৱিস্যত অন্ধকাৰ।
সমাধান বিছাৰে এই হৃদয় কিজানি নিজকে নিজক বিছাৰি পোৱাৰ পথত সেই সমাধান।
No comments:
Post a Comment