Sample Text

[DECLARATION]

Friends, this blog is a humble attempt towards my social responsibility and sharing my thoughts and experiences. I’d like to assure the viewers that I don’t intend to defame anybody, I don’t intend to hurt anybody’s feelings or judge anyone. Thank You.

Tuesday, 29 December 2015

ক্ষান্ত অনুভৱ।

ক্ষান্ত অনুভৱ।

             হয়তো, কবিৰ অৰ্থই বহুতেই বেলেগ। কবি কিন্তু নহয় মই না এজন লেখক, কেৱল এজন অস্তিত্ব মানৱৰূপী প্ৰকাশৰ সামান্য অনুভূতীৰ বাহক স্বৰূপ। নিৰ্মম সত্যৰ মাজতো ক্লান্ত মহূৰ্ত্তত লুকাই থাকে। সেয়ে প্ৰজাপতি মেলা সপোন পাশিত মোগ্দ্ধ হিয়া, কৈ যাব বিছৰা কিছু পলৰ এক অনুভূতিৰ প্ৰকাশ। সত্য যে স্বীকাৰ কৰা সহজ নহয় কিন্তু সময়ে শিকায় সেই সত্যক স্বীকাৰ কৰিবলৈ দুবছৰীয়া শিক্ষা জীৱনৰ সেই ক্লান্ত সময়বোৰৰে এক সামান্য প্ৰকাশ কৰাৰ চেষ্টা মোৰ

বন্ধু মেলি দে তোৰ দুখৰ দুখনিৰ হাত,

এবাৰ জিৰাও তোৰ বুকুৰ শীতল চাঁত.... হীৰু দা



            নদীৰ সোঁতত বৈ যাবলৈ যি দৰে নাওঁ লগত বথাৰ প্ৰয়োজন ঠিক সেইদৰেই জীৱনত বন্ধুৰ প্ৰয়োজন। হাজাৰ বন্ধু থকাৰ যুক্তি যুক্ত নহয় এজনেই যথেষ্ট। বন্ধুৰ অৰ্থ অস্পষ্ট প্ৰকাশ। তোমাৰ প্ৰতি থকা এক অনন্ত অন্তনিৰ্হিত অন্তৰ্যামী কিন্তু নহয় অন্যোন্যাশ্ৰয় স্বৰুপযদি বন্ধু নিকৃষ্ট হয় তেন্তে ই কেৱল অপকীৰ্তি বাহকহে হব। সমনীয়াক যদি বন্ধু বুলি ভাবা কিন্তু অনিচ্ছা হতে আত্মহন্মানত আঘাত কৰে তেন্তে এনে বন্ধু কেৱল অভিভাৱ। হয়টো প্ৰতিজনৰ বাবে বন্ধুৰ অৰ্থ গূঢ়াৰ্থ তথাপিও সামঞ্জস্য। হয়, বন্ধু বুলি কলে চাঁচৰি নহয় ই এক দুয়োৰ মাজত থকা সন্মান। নৱপ্ৰজন্মৰ মাজত বন্ধু অৰ্থ যিয়ে হওক কিছু সময়ে প্ৰকাশ কৰিব নোৱাৰে যদিহে আত্মসন্মান নাথাকে। ভাল-বেয়া, খন্তেকীয়া আনন্দ আৰু সমালোচনাই যদি বন্ধুৰ মাজত স্থান লয় ই যেন মোৰ বাবে কেৱল বন্ধুৰ ভ্ৰম। বন্ধু বুলি প্ৰতিযোগিতাত অংশগ্ৰহন কৰা যায় তাত আনিব কেৱল ব্যৱধান। বন্ধু মানে সমালোচনা হব নোৱাৰে, থাকিব আন্তৰিকতা। যদিও কোৱা কিন্তু ই কেৱল অকথ্য। এইয়া কথ্য যে আজি বন্ধু কেৱল দুদিনীয়াৰ সমালোচনাৰ পাত্ৰ। এইয়া বন্ধু নহয় কেৱল চিনাকী ব্যক্তিহে। বন্ধু তোমাৰ দৰেই তত্তুল্য নহবও পাৰে কিন্তু যি সদায় তোমাক সংকটৰ পৰা উদ্ধাৰ কৰি সন্মান দিয়েসেয়ে বন্ধু আকাৰ বা অস্তিত্ব ভিন্ন। এখন কিতাপ তোমাৰ বাবে বন্ধু হব পাৰে যদিহে তুমি আকোৱালিব পাৰা।

সমস্তে ভূততে কৃষ্ণ ৰূপক দেখিব।

বিজ্ঞান সন্মত তাক সমাজ মানিব।।

হেন সমাজতে সব লোক প্ৰৱতিব।
                        তেৱে গুৰু ধৰ্ম-কৰ্ম সমস্তে স্থাপিব।।....ভক্তি ৰত্নাৱলী

            সমাজ প্ৰকৃতি বিশুদ্ধস্বৰূপ। কিন্তু অবাধ আৰু সমস্যা যেতিয়া আধিক্য হয় তেতিয়াই আনে গ্লানি। সমাজ শুধৰণীত যেন আধৰুৱা সেয়ে হৈ পৰে আধলিকাৰ সমাজ। সামাজিক সমস্যাবোৰ সাধনৰ উদ্দেশ্যে বহু আজি যেন বিকল্পৰ সংস্থা কিন্তু অথচ নদীৰ দৰে নিগৰীত হৈ আছে আজিও ৰঙা তেজৰ সোঁত। যেতিয়াই সমাজৰ দায়িত্বক বৃত্তিগত ৰূপ দিয়ে তেতিয়াই প্ৰথম স্থান অৰ্থৰ তাৰ পিছত হে কল্যান সাধন। যিদৰে ম্লান পৰিছে নৈতিক আদৰ্শস্বৰূপ লগতে বৃদ্ধি পাইছে গাফিলতি আৰু স্বাৰ্থ। বিজ্ঞ লোক বুদ্ধিভ্ৰষ্ট হলে তাৰ ফল কেৱল ক্ষতিৰ সমাজৰ। নিজ সমাজৰ কিছু পৰিবেশ, মান্যতা আৰু থাকে পৰম্পৰাগত নীতি-নিয়ম। কিন্তু যেতিয়া এইবিলাক নেওচি বিদেশী কিছু অৱধাৰণাক লৈ সমাজ সংস্কাৰত ভৰি দিব তাৰ প্ৰতিৰূপস্বৰূপ কি হব পাৰে? যদি কল্যাণ অৰ্থক লৈ অধিক গুৰুত্ব দি প্ৰভেদস্বৰূপ উন্নয়ন বাবে কৰে তেন্তে তাৰ প্ৰত্যেত্তৰত কেৱল ক্লান্ত মই। সমাজ কৰ্ম যেতিয়াৰ পৰাই সমবায় পৰা প্ৰতিযোগিতাৰ ফালে গতি কৰে তেতিয়াই সৃষ্টি হয় নিজ স্বাৰ্থ আৰু সমস্যাৰ পাতনি। আজি ব্যক্তিৰ মাজত দ্বায়িত্ব-কৰ্তব্যতকৈ কিয় জানো অধিক গুৰুত্ব অধিকাৰৰ? তাৰ মাজতো কিছু লোক অশহায় হৈ ৰয় কিয়নো বহু জানিও যেন কৰ্ম স্পৃহা আৰু চৰিত্ৰ গঠনত যেন হেঙাৰ। সেয়ে তেনে ব্যক্তি আজিও নিমাত সমাজ সংস্কাৰত। এনেকৈয়ে জানো সমাজ কল্যান নামত স্বাৰ্থপৰ হৈ অৰ্থক প্ৰধান্য দি সমাজ কৰ্মত যোগদান দিও। সেয়ে আজিৰ যেন মুখত জেঙেৰা শব্দ প্ৰতিফলিত হব খোজে সমাজ কৰ্মীক লৈ। এই প্ৰজন্মই সৃষ্টি কৰিব নতুন পৃথিৱী কিন্তু হেঙাৰ যে আমাৰ নিজৰ চৰিত্ৰ আৰু স্বাৰ্থ। নিজ ঘৰৰ আবৰ্জনা চাফ চিকুণত হাত লেতেৰা কোনে কৰে। কিন্তু আমি দূৰৈৰ পৰা ভাল-বেয়া মন্তব্য দিয়াত পিছ নপৰো হয়নে? এইয়াও আজিৰ যেন আমাৰ দৈন্যন্দিন অভ্যাস হৈ পৰিছে। আদৰ্শ ব্যক্তিক কিতাপৰ মাজত আবদ্ধ কৰি নিজক পাহৰি আলসা আৰু লোভত বিলীন হৈ পৰিব খোজা প্ৰজন্মই সমাজ কল্যানত কিদৰে নো পুনৰউত্থান কৰিব তাৰ উত্তৰত যেন মই আজিও ক্লান্ত।

জীৱনটো যে অমুল্যৰ এক অস্থিত্ব,
সকলোতেই আছে সপোন আশাৰ বিস্তৰীত
এক আশাৰ স্বপ্ন জীৱনৰ ৰঙীন দাপোন,
সেয়ে আজিও তুমি প্ৰকাশৰ এক মুক্তিৰ সুৰোজ।।

             জীৱনৰ বাটত অতিক্ৰম কৰি যাওঁতেও অশেষ স্মৃতি, বিষাদ, সুখ, আৰু কত যে কি। যেন প্ৰতি দিনেই জীৱনলৈ আনিলে মোক স্পৰ্শ কৰি যোৱা প্ৰতিপল প্ৰতিমহূৰ্তৰ এক বিশাল অনুভূতি। জীৱন মৰনৰ মাজত ৰৈ যোৱাৰ কিছু সময়ৰ ক্লান্ত চিন্তন। তাৰ মাজতেই অনুভূতি যেন জন্ম লোৱাৰ অৰ্থ বিশাল। যদি এই অৰ্থ নৰই তেন্তে বাৰু তাৰ অৰ্থ বা কি? প্ৰতি দিনেই আমাক আদৰিব নতুন প্ৰভাত। এই মুক্ত আকাশত তুমি বিলিন হৈ যাব পাৰা যদি তোমি নিজক চিনি পোৱা।এই প্ৰভাততে জানো নিজক হেৰুৱাই পেলাও। হা হা যদি অৰ্থ বুজি পালো হয় তেন্তে অবুজ হৈ নৰলো হেতেন যে সত্য যে তাৰ বিপৰীত। যদি ঘূৰী চোৱা কৰুন কান্দুন যদি পাহৰি যোৱা তেন্তে ৰঙীন দাপোন। এক নিস্তবদ্ধ নিশা নিগৰি যায় এক অচিনাকী সুৰ। এই জীৱন নিজৰেই উন্মেশ আৰু সপোনতেই শেষ। নিজৰ সৃষ্টিতেই নিজৰ মৃত্যু। যি প্ৰতি পৰশত ৰৈ যোৱা ৰদ, মেঘ আৰু জোনৰ বৰনৰ ৰঙীন প্ৰতিচ্ছবি


সময়ে কৈ যাব অৰ্থ জীৱনত,
মগ্ন হৈ নৰবা অৰ্থ লোভত।
ক্ষন্তেক সময়ৰ অস্তিত্বৰ সীমাহীন ব্যৱধানত,
পৰিবৰ্তন হৈ নৰবা মানুহ পশু ৰূপত।।

            সেউজীয়া বৰণত তুমি চিত্ৰ হৈ ৰৈ আছা। কিজানি দিঠকত শুভ্ৰ প্ৰকাশৰ বাবে জীৱনত কিউ হৈ আছা। তুমি জীৱন-মৰন বাটত স্বপ্ন বাহক। কিন্তু মগ্ন বিভোৰ হৈ নৰবা অৰ্থ লোভত। অস্তিত্ব তোমাৰ আমাৰ নিজে নিজৰ ক্লান্ত দিঠক আৰু জীৱন দুৰ কৰাৰ শুভ্ৰ আঁৰত মুক্ত হোৱাৰ সপোন দেখি পশু হোৱাত কিমাননো বাকি। কেৱল কিছু সময়ৰ ব্যৱধান এক মানুহ পশু হোৱাত নিবিচাৰিবা সাধাৰণৰূপী মানৱ এক নদীৰ সোঁত। কাৰন মুক্তি  এতিয়া তোমাৰ প্ৰাণত, হাতত আৰু কেৱল নিজৰ।

সুখ, সম্ভোগ ক্ষন্তেকীয়া, কবিৰ নহয় লিলা
কবিতাৰ বাবেইতো ভালপাওঁ, দুখ পাওঁ অতসোপা
পৰিণতি উদগীৰণিত জ্বলামুখী, নিৰ্গত দুখৰ জ্বলন্ত লাভা
কবি মই নিজকেই জ্বলাও, ছাই হৈ লিখো কবিতা।..... ৰিতু পৱন

             এই অশান্তি ৰাতিত যদি শান্তি বিচাৰি মানৱ প্ৰেমৰ গীত ৰচে তেন্তে, সেই শান্তি সেই ৰাতি হয়তো  অৰ্থহীন নহবও পাৰেঅন্ধ মন, হিংশ্ৰ প্ৰেম আৰু বন্ধ কোঠাৰ মাজত কবিতাৰ মুক্ত প্ৰকাশ পায় আৰু সি যদি শিল্প হয় তেন্তে দিশহাৰা হৈ ৰব সেই কবিৰ নিৰ্মম সত্য। নিজৰ মাজত নিজক বিচাৰি পোৱা সহজ নহয় সেয়ে কষ্ট-দুখৰ মূল্য আছে। তথাপিতো আজিও সকলোতে অনিয়ম-অনাচাৰ। সময় হল আগোৱাই যোৱা এক দুৰ্গম যুদ্ধৰ ৰণ। সেয়ে যেন চিয়ঁৰি কৈ আছে নিজক দায়িত্বক স্বীকাৰ কৰি আগোৱাই যোৱা কলিজাক হাতৰ আগত লৈ তাতেই তোমাৰ জন্মৰ সফলতাৰ পুৰস্কাৰ।

মৃত্যুও টো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা
নিৰ্লভ ভাস্কৰ্য্য.....হীৰু দা

             জন্ম আৰু মৃত্যুৰ ব্যৱধান তেনেই নগন্য। কিন্তু যদি মৃত্যু যদি কাৰোবাৰ চকুত স্বপ্ন বাহক তেন্তে তাত মোৰ ক্লান্ত উত্তৰ। মৃত্যু কেতিয়াও শুভ্ৰ হব নোৱাৰে কিন্তু মুক্ত হব পাৰে। সময় কয় মানৱ প্ৰেমৰ প্ৰয়োজনীয়তাৰ কথা তাৰ অবিহনে অশান্ত পৰিবেশ। তুমি আমি অন্ধ হৈ ৰও দিশহাৰা হৈ যেতিয়া মৃত্যু সহজ হৈ পৰে। প্ৰথম দিনাই হাঁহিৰ স্নিগ্ধ জোনাক চৌদিশ যেন মুক্ত প্ৰকাশ বিলীন হৈ পৰে কেৱল নৱ প্ৰভাত। কিন্তু সময়ে বিচ্ছেদ কৰি দিয়ে ক্লান্তৰ এক বিষাদৰ ছবি। কি মৃত্যু ইমান সহজ? নিষ্ঠুৰ নিয়তিয়ে সকলো সুখ কাঢ়ি লৈ যায়। প্ৰতিদান হিচাপে হাতত তুলি দিয়ে কেৱল যন্ত্ৰণা। এই পৃথিৱীত জন্ম দিয়াৰ ক্ষমতানো কাৰ আৰু জীৱন লোৱাৰ অপাৰ ক্ষমতা কাৰ। উত্তৰত কেৱল নিৰ্বত। মাথো নিমীলিন সময়ত মোৰ কেৱল দুচকুত অশ্ৰু। কেৱল অশ্ৰু। কেৱল অশ্ৰু।

No comments:

Post a Comment