অকলশৰীয়া যে নহয়

সকলো জানিও একো
নাজানো, সকলো বুজিও একো নুবুজু আৰু সকলো দেখিও একো নেদেখু। মোৰ আশা, মোৰ
সপোন, মোৰ বিশ্বাস, মোৰ সুখ আৰু মোৰ সকলো যাক দি যাব বিছাৰো দুহাতেৰে চিৰ
জীৱন চিৰ কাল এক নতুন ইতিহাস। এতিয়া কেৱল মই দেখা পাওঁ এন্ধাৰ মাজত জ্বলি থকা সেই
ধিমিক-ধামাক দ্বিপ্তিৰ পোহৰ। যিয়ে মোক হাত বাউলীৰে মাতি মোৰ প্ৰেৰণাৰ শলিতা
জ্বলাই। তাত মোৰ কিনচিত সন্দেহ নাই। মোৰ পথ, মোৰ যাত্ৰা, তাতেই মই কেৱল বিলীন
হৈ ৰও মিঠা সপোন মিঠা দিঠক। (হয়তো এই দৰেই সকলো প্ৰশ্ন ম্লান হৈ পৰে চিৰ জীৱনলৈ)