অকলশৰীয়া যে নহয়
তই নিজক কি বুলি ভাবিছ
যে সকলোকে আঁকোৱালি লব পাৰিবি তই? তই বিছাৰিলেই সুখ পাবি নে? আজি তই নিজে চাই ল জীৱনৰ প্ৰতি পল যাক লৈ বিলাই
দিলি এতিয়া কিয় তোৰ কাষত আজি নাই? সেইসকল তোৰ বাবে আজি ভাবিলৈ একো আহৰিয়েই নাই। তই যিমানেই
শুদ্ধ নহও কিয় তোক এনেকৈয়ে এৰিব আৰু এনেকৈয়ে কব। মানুহৰ মনবোৰ তই কিয় চিনি
নাপালি? মানুহ তেনেই স্বাৰ্থপৰ তাত তই জীয়াই থাক কেনেকৈ? তই যাক আপোন বুলি ভাব
সিয়েই এৰি থৈ যায়, তোক বুজিবলৈ কাৰো সময় নাই যদি বুজিব কেৱল তোক বস্তুৰ দৰে
ব্যৱহাৰ কৰিব। হৃদয় যিমানেই তোৰ ভাল নহওক বা সকলোৰে ভালৰ বাবে চিন্তা কৰি সহায় নকৰ
কিয় তাৰ ফল আজি তোৰ চকুৰ আগত। মানুহে দেখনীয় পচন্দ কৰে আৰু তেলেতীয়া কথা আৰু অলেশ
মিছলীয়া সপোনৰ আশা। তোৰ দৰে চিধা-চিধি নহয়। তই নিজে দেখিছ কালিৰ তোৰ লগৰী আজি
যে আতৰি গল, তাৰ ভূলৰ বলী হলি তই। তাত বুজিবলৈ আৰু কোন আছে? সেয়ে জনতাৰ মাজত তই
অকলশৰীয়া হৈ আছ। তাৰ বাবে তই তোৰ কঁপালক দুখ দিয় বা কাক দুখ দিয় তোৰ কথা। ফুল
ছিঙিব বিছাৰিলেই তোক কাইটে ফুটে। এনেকৈ যদি থাক তোক সকলোৱে এনেকৈয়ে ব্যৱহাৰ
কৰিব। কাৰণ তোৰ হৃদয়ে যি বিছাৰে সেয়ে বিছাৰি ফুৰ তই। তোৰ দুহাত তেজে ৰঙা হোৱাৰ
পিছতো কলিজা কাঁইতে বিন্ধাৰ পিছতো আৰু কিয় আশা কৰি থাক? এতিয়া আৰু বেজাৰ কৰি কি
লাভ। যদি তই বিছৰাৰ দৰে হাতত পালি হয় তেন্তে ভালৰ লগত ভাল বেয়া লগত বেয়া হল হয়। কাৰ
যে কি বিপাঙত পৰিলি তই। হাঃ হাঃ তোৰ আজি জীৱনত দেখুন ৰংই নাই। এবাৰ হলেও মনত থবি
মন ভাঙিলে চিৰ দিনলৈ দুখ থাকি যায়। তই যি বিছাৰি যাওঁ কিন্তু কিছু সময়ৰ পিছতেই সেই
দুখৰ তুপুলা লৈ ওভতি আহ। মানুহে যিমানেই নকওক কিয় তোক ভাল বুলি জানিলেও আকোৱালি
লোৱা মানুহ তেনেই নাই। আজিও বুকুত তই জীয়া জুই লৈ আছ। তই কিয় কাৰোবাক মৰমে
হাবতিব খোজিছিলি? দেখিলি নহয় আজি তোক গতিয়াই দিলে। এতিয়া থাক তই অভগা হৈ। (হয়তো
এই দৰেই অলেশ প্ৰশ্ন মনলৈ আহে কৰোবাৰ মনলৈ)
সকলো জানিও একো
নাজানো, সকলো বুজিও একো নুবুজু আৰু সকলো দেখিও একো নেদেখু। মোৰ আশা, মোৰ
সপোন, মোৰ বিশ্বাস, মোৰ সুখ আৰু মোৰ সকলো যাক দি যাব বিছাৰো দুহাতেৰে চিৰ
জীৱন চিৰ কাল এক নতুন ইতিহাস। এতিয়া কেৱল মই দেখা পাওঁ এন্ধাৰ মাজত জ্বলি থকা সেই
ধিমিক-ধামাক দ্বিপ্তিৰ পোহৰ। যিয়ে মোক হাত বাউলীৰে মাতি মোৰ প্ৰেৰণাৰ শলিতা
জ্বলাই। তাত মোৰ কিনচিত সন্দেহ নাই। মোৰ পথ, মোৰ যাত্ৰা, তাতেই মই কেৱল বিলীন
হৈ ৰও মিঠা সপোন মিঠা দিঠক। (হয়তো এই দৰেই সকলো প্ৰশ্ন ম্লান হৈ পৰে চিৰ জীৱনলৈ)
No comments:
Post a Comment