Sample Text

[DECLARATION]

Friends, this blog is a humble attempt towards my social responsibility and sharing my thoughts and experiences. I’d like to assure the viewers that I don’t intend to defame anybody, I don’t intend to hurt anybody’s feelings or judge anyone. Thank You.

Monday, 4 January 2016

মদ্যপান

মদ্যপান
আমাৰ ভাৰতবৰ্ষত ১৭০৭ চনৰ আগৰ সময়ত কোনো ভাৰতীয় লোকে মদ্যপাণ কৰা নাছিল। কাৰণ ভাৰতীয় মানুহৰ বাবে সেই সময়ত মদ্যপান কৰাটো বিশেষকৈ ৪টা মূল ভিক্তিৰ ওপৰত এই নিছা দ্ৰব্য গ্ৰহণ কৰা নাছিল। ১ম মদ্যপান কৰাটো সামাজিক পৰম্পৰা বিৰুদ্ধে যোৱাটো বুজায়, ২য় পৰিৱেশ আৰু প্ৰকৃতিৰ বিৰুদ্ধে যোৱা, ৩য় অভ্যাসৰ বিৰুদ্ধে(দৈনন্দিন কৰণীয় কামৰ অভ্যাস) আৰু ৪ৰ্থ ধৰ্ম বিৰুদ্ধে যোৱাটো বুজায়।
     কিন্তু দূৰ্ভাগ্যজনক কথা ১৭০৭-১৮৩২ চনৰ ভিতৰত ভাৰতবৰ্ষ ভাৰতীয় লোকে কলকতাত হাজাৰ লোকে মদ্যপান কৰিবলৈ লয়। যিহেতু এই মদ্যপান কৰোৱাটো ব্ৰিটিছ সকলৰ পৰিকল্পনা আছিল। কাৰণ ভাৰতবৰ্ষ লোকসকলক মদৰ জৰিয়তে সামাজিক, আধ্যাত্মিক, মূল্যবোধ তথা সাংস্কৃতিক দিশত যেতিয়াই অৰাজকতা তথা ভাঙোন আনিব পাৰি  তেতিয়াহে ভাৰতবৰ্ষক গোলাম কৰা সম্ভৱ নহলে ই সম্ভৱ নহয়। ব্ৰিটিছসকলে ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত সভ্যতা সংস্কৃতিৰ মেৰুদণ্ডডাল কেনেকৈ ভাঙিব পাৰি তাৰ পৰিকল্পনা হিছাপে এই মাদক দ্ৰব্য ইষ্ট ইন্দিয়া কোম্পানিৰ জৰিয়তে লোৱা হৈছিল।
     সেই বাবে মহাত্মা গান্ধীয়ে এদিনৰ বাবে শাসনভাৰ বিছাৰিছল ভাৰতবৰ্ষত আৰু কৈছিল ভাৰতবৰ্ষত থকা সকলো মদৰ দোকানৰ লাইচেন্স ব্ন্ধ কৰি এখন মদ নিবাৰণী আইন সংসদত পাছ কৰিমযি মদ্যপান কৰিব তেওঁ কঠোৰ শাস্তি বিহা হব। কিন্তু তেওঁ সপোন সপোন হৈ ৰল। আৰু আমি দেখিবলৈ পাওঁ যে সেই সময়ৰ কোনো শ্বহীদবীৰে মদ্যপান কৰা নাছিল উদাহৰণস্বৰুপে ভগত সিং, চন্দশেষৰ আজাদ, টাকিয়া টপে, উদ্ধৱ সিং, সুখদেৱ, লালা লাজপট ৰায়, ৰাও টোলাৰাম আদিৰ নাম লব পাৰি
     বৰ্তমান ভাৰতবৰ্ষত ৫০শতাংশতকৈয়ো অধিক মানুহ মদ্যপান কৰে। প্ৰতি বছৰে ভাৰতত সুৰা সেৱন কৰি ৩৫হাজাৰ মানুহ লিভাৰৰ বিভিন্ন ৰোগত পৰি মৃত্যুমুখত পৰে ৪০হাজাৰ মানুহ বিভিন্ন মটৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰে। এইয়াই নেকি আমাৰ শ্বহিদসকলে দেখিব বিছৰা সপোনৰ ভাৰতবৰ্ষ ৭লাখ ৩৫হাজাৰতকৈয়ো অধিক শ্বহীদৰ সপোন যেন আমি ধূলীসাত কৰিছোআজি যদি তেওলোক থাকিল হেতেন এই মদ্যপান কৰা ব্যক্তিসকলক নিশ্চয় শাস্তি দিলে হয়।
     যি কি নহওক, মুল কথা হল এইয়ে যে, এজন মানুহ যিমানেই পঢ়া শুনা নকৰক কিয়, তেওঁ জানে মদ্যপান স্বাস্থ্য পক্ষে হানিকাৰক। লগতে ভাৰতবৰ্ষত ইয়াৰ সম্পূৰ্ণ নিষিদ্ধ আছিল আৰু ভাৰতীয় হিচাপে ই একেবাৰে গ্ৰহণযোগ্য নহয়। যেতিয়া এনে কাম জানি বুজি এজন মানুহে কৰে তেতিয়া তেনে মানুহক মূৰ্খ বুলি কোৱা হয়বিশেষকৈ এনে মূৰ্ লোক আমাৰ শিক্ষিত সমাজত বেছিকৈ দেখিব পৰা যায়। শ্বহীদৰ ভাষাত কবলৈ গলে এনে মানুহক দেশদ্ৰোহী বুলি কলেও ভূল কোৱা নহবকাৰণ শ্বহীদসকলে বিছৰা দেশ, আশা, সপোন আদিবিলাকৰ সম্পূৰ্ণ বিপৰীত দিশত গৈছে এনে লোকসকল।
               আৰু এক লাজ্জাজনক কথা যে কিছু লোক আছে যি মদক লৈ নানা ৰকমৰ উচতনি দিয়ে। যেন মদৰ তেওঁলোক আজন্ম প্ৰেমিক। মদৰ সপক্ষে তেওঁলোক সদাই থিয় হয়। তেনে লোকক মুৰ্খতা পৰিচয় দিয়াৰ বাহিৰে একোৱেই নাই। এনে লোকে মানুহৰ মাজত বিশৃংখলতা সৃষ্টি কৰে কেনেকৈ এনে হয় হেইটোও তেওঁলোকে নেজানে। কিছুলোকে কব বিছাৰে যে ডাঙৰ ডাঙৰ ব্যক্তিয়ে দেখো মদ্যপান কৰেতেনেলোকক কও তেনে লোকৰ ডাঙৰ কামবিলাক চকুত নপৰে কিন্তু মদ খাই হইটো হে চকুত পৰে। আৰু তেনেলোকক চৰিত্ৰত ডাঙৰ মানুহ হয় মদ খাই নহয়। যদি তেনে ব্যক্তিয়ে মদ্যপান কৰে তেন্তে সেই ভাৰতীয় চাৰি মূল ভিক্তিত বাধা প্ৰদান কৰিছে আৰু দেশবিৰোধী কাম কৰিছে শ্বহীদ বীৰ সকলৰ মতে। 

July ‎2, ‎2014

No comments:

Post a Comment