যদি
যদি সুখি হব নোৱাৰা দুখৰ
কথা নকবা,
যদি দুখ সহিব নোৱাৰা
তেন্তে সেই দিশত আগনাবাঢ়িবা।
যদি বিশ্বাস নাথাকে
ভালপোৱাৰ কথা নকবা,
যদি চকুলো মচিব নোৱাৰা
চকু পানি ওলোৱাৰ কথা নকবা,
যদি সপোন গঢ়িব নোৱাৰা
সপোন নেদেখুওবা,
যদি আদৰ কৰিব নাজানা
সন্মানৰ কথা নকবা,
যদি নিজৰ ভৰিত থিয় হব
নোৱাৰা তেন্তে বিয়াৰ কথা নকবা।
যদি অহিংসা কি বুজি নোপাৱা
হিংসাৰ নকৰিবা,
যদি মানৱতা শব্দ বুজি
নোপোৱা শান্তিৰ কথা নকবা,
যদি কৰ্তব্যক প্ৰশ্ৰয় দিব
নোৱাৰা অধিকাৰৰ কথা নকবা,
যদি শিক্ষাই তুমাক পৰিৱৰ্তন
কৰিব নোৱাৰে তেন্তে তেনে শিক্ষা নলবা।
যদি ৰাগিয়াল দ্ৰৱ্য এৰিব
নোৱাৰা আনক উপদেশ নিদিবা,
যদি নিজক সলনি কৰিব নোৱাৰা
সমাজ পৰিৱৰ্তনৰ কথা নকবা,
যদি সম্পূৰ্ণ জ্ঞান নাই তাৰ
বিষয়ে একো নকবা,
যদি চৰিত্ৰ গঢ়িব নোৱাৰা
তেন্তে একোৱেই আশা নকৰিবা।
যদি নিজৰ অংকাৰক শেষ কৰিব
নোৱাৰা কোনো সম্বন্ধই আশা নকৰিবা,
যদি বন্ধুৰ লগত সন্মান একলগ
কৰিব নোৱাৰা তেন্তে বন্ধুত্ব কথা নকবা।।
No comments:
Post a Comment